মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

কৰ্ম আৰু উদ্দেশ্য

পুথিভঁৰাল সেৱাৰ লক্ষ্য আৰু উদ্দেশ্য

পুথিভঁৰাল সেৱাৰ মুখ্য উদ্দেশ্য হৈছে, সকলোলৈকে বিনামূলীয়া পঠনৰ সুবিধা দিয়া, সকলো স্তৰতে সুস্থ পঢ়ুৱৈ সৃষ্টি কৰা, সকলোৰে ওপৰত জ্ঞানৰ প্ৰভাৱ বিস্তাৰ কৰা, বিষয় আৰু প্ৰসঙ্গ সংগ্ৰহ কৰা, লগতে গৱেষণাৰ যোগ্য আৰু স্থানীয়ভাৱে দৰকাৰী নথি সংৰক্ষণ কৰা, পুৰণি নথিসমূহৰ মাইক্ৰোফিল্ম বনোৱা, প্ৰসঙ্গ আৰু গৱেষণাৰ বাবে পুথি ৰখা, কিতাপৰ বিৱৰণ প্ৰকাশ কৰা, পুথি প্ৰদৰ্শনৰ দ্বাৰা পুথিভঁৰাল সেৱাৰ উন্নয়ন সাধন, শিক্ষাগত দিশত আৰু মূল্যবান জনপ্ৰিয় বাৰ্তালাপ, সভা আৰু তেনে ধৰণৰ আন অনুষ্ঠানৰ যোগাৰ কৰা, আনুসঙ্গিক কাৰিকৰী সাহায্য আৰু পুথিভঁৰাল সংক্ৰান্তৰ আন আন কামসমূহ।

পুঁজি – ৰাজহুৱা পুথিভঁৰাল সেৱাৰ বাবে উত্স

ৰাজ্যৰ চৰকাৰী ৰাজহুৱা পুথিভঁৰালক ৰাজ্যিক চৰকাৰে সম্পূৰ্ণভাৱে পুঁজিৰ যোগান ধৰে, যিটো ধাৰ্য্য কৰা খৰচৰ শিতান আৰু বছৰটোৰ বাবে কৰ্ম আঁচনিৰ বাৰ্ষিক বাজেটৰ ওপৰত ধাৰ্য কৰে। তাৰ উপৰিও ৰাজ্যৰ সকলোবিলাক পুথিভঁৰালৰ উন্নয়ন আৰু উন্নীতকৰণৰ বাবে ১০ শতাংশ ৰাজ্য চৰকাৰ আৰু ৯০ শতাংশ ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেচনৰ পৰা মেচ্ছিং পুঁজি পোৱা যায়।