মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

আমাৰ লক্ষ্য আৰু অভিযান

অভিযান

অসমৰ সমূহ জনগণৰ পৰিৱৰ্ত্তিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমাজত জ্ঞান, বুৰঞ্জী আৰু সংস্কৃতিৰ সংৰক্ষণং আৰু সংবৰ্দ্ধনৰ বাবে বিনামূলীয়া, মুক্ত আৰু নিৰপেক্ষভাৱে শিক্ষা, বিনোদন আৰু প্ৰাসঙ্গিকতাৰ জগতলৈ লৈ যোৱাটোৱে অসমৰ ৰাজহুৱা পুথিভঁৰালৰ উদ্দেশ্য।

লক্ষ্যৰ বিৱৰণ

অসমৰ ৰাজহুৱা পুথিভঁৰালৰ লক্ষ্য হৈছে –

(১) সংবাদৰ বাবে প্ৰথম পচন্দ হোৱা

(২) পৰিৱৰ্ত্তনীয় প্ৰয়োজনসমূহৰ পূৰ্বানুমান আৰু উচিত ব্যৱস্থা লোৱা

(৩) পুথিভঁৰালৰ সম্পদ আৰু সেৱা গ্ৰহণৰ বাবে ন্যায্যতাৰ আশ্বাস দিয়া

(৪) সমাজত এক গতিশীল শক্তি হোৱা।

এই লক্ষ্যসমূহত উপনীত হবলৈ ৰাজহুৱা পুথিভঁড়ালে কিছুমান পদক্ষেপ লৈছে। শিশুসকলৰ বাবে পুথিভঁড়ালে পঠনৰ অভ্যাসৰ গঢ় দিবলৈ আৱশ্যকীয় স্থানৰ সৃষ্টি কৰিছে, যিটো অকল শিক্ষাৰ বাবেই নহয়, কৌতুকৰ বাবেও।

পুথিভঁড়ালে সংগ্ৰহ কৰা সম্পদসমূহ সুগম আৰু সেৱা বিনামূলীয়া, মুকলি আৰু বাধাহীন। শাৰিৰীকভাৱে অক্ষম ব্যক্তিলৈও পুথিভঁৰাল সেৱাই সুবিধা আগবঢ়াই (বধিৰ বাকহীন, অন্ধ ইত্যাদি)

ৰাজহুৱা পুথিভঁৰালৰ মহিলাৰ বাবেও আৰু গৱেষক পণ্ডিতৰ বাবেও শাখা আছে (গৱেষকৰ বাবে নিৰ্দিষ্ট কিতাপৰ খলপাৰ সুবিধা), লগতে প্ৰাসঙ্গিক আৰু নেটৱৰ্ক শাখাও আছে।

অসমৰ ৰাজহুৱা পুথিভঁৰালৰ পুথি সংগ্ৰহ আৰু ক্ৰম বিভাগ, পঢ়া কোঠা বিভাগ, আলোচনী আৰু বাতৰি কাকত বিভাগ, কাৰিকৰী সাহায্য বিভাগ, বন্ধোৱা আৰু সংৰক্ষণ বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, পাণ্ডুলিপি বিভাগ, সভাকক্ষ/আলোচনা কক্ষ আছে।

এইবিলাকৰ উপৰিও জনসাধাৰণৰ মাজত পঠনৰ অভ্যাস গঢ়ি তুলিবলৈ, ৰাজহুৱা পুথিভঁড়ালে ৰাজ্যিক স্তৰত পুথিভঁৰালৰ আলোচনা সভা, আলোচনাচক্ৰ, কৰ্মশালা, দুষ্প্ৰাপ্য পুথিৰ প্ৰদৰ্শনী, সজাগতা বৃদ্ধিৰ বাবে সভা আদি অনুষ্ঠিত কৰা।

পুথিভঁৰাল সেৱা সঞ্চালকালয়ে ২০০০ চনত এটা কম্পিউটাৰ শাখা স্থাপন কৰে। বৰ্তমান ডি.এল.এছ. (মুখ্য কাৰ্যালয়ৰ) কম্পিউটাৰ শাখাটো সকলো সংবাদ পাব পৰাকৈ উন্নত আন্তঃগাঁথনিৰ।

ছফ্টৱেৰ

পুথিভঁৰাল সেৱা সঞ্চালকালয়(মুখ্য কাৰ্য্যালয়)ৰ ছফ্টৱেৰ এন.আই.চি.ৰ সহযোগত আংশিকভাৱে উন্নত কৰা হয়। ডি.এল.এছ.ৰ প্ৰাসঙ্গিক শাখাৰ নথিৰ বাবে এটা ডাটা বেছ আৰম্ভ কৰা হৈছে আৰু লগে লগে ই অসমৰ জিলা আৰু মহকুমা পুথিভঁৰালসমূহৰ বাবেও হব। এই উদ্দেশ্য আগত ৰাখিয়েই পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসমে অসমৰ প্ৰতিখন জিলা আৰু মহকুমাৰ পুথিভঁৰাললৈ এটা কম্পিউটাৰ চেট প্ৰেৰণ কৰিছে।