মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

গৱেষক পণ্ডিতৰ বাবে তথ্য

  • প্ৰাসঙ্গিক সেৱা

    প্ৰাসঙ্গিক সেৱাৰ নিয়মটো হল এজন পঢ়ুৱৈ আৰু তেওঁৰ নথিৰ মাজত ব্যক্তিগতভাৱে সংযোগ স্থাপন কৰা। প্ৰাসঙ্গিক সেৱাই পুথিভঁৰালৰ আশাক আগুৱাই নিয়ে। প্ৰাসঙ্গিক বিভাগক কেন্দ্ৰ কৰিয়েই পুথিভঁৰালৰ কৰ্মসূচী আেৱৰ্তন কৰি থাকে। এজন সঠিক পঢ়ুৱৈৰ লগত এখন সঠিক পুথিক সঠিক সময়ত সংযোগ কৰা, আৰু সিওঁ সঠিক ব্যক্তিগত ধৰণে কৰাটো বৰ দৰকাৰ, আৰু ইয়াক কাৰ্যকৰীভাৱে সম্পন্ন কৰাৰ একমাত্ৰ পথ হৈছে  সেৱা।

    বেছিভাগ পুথিভঁৰালৰে প্ৰচুৰ ব্যৱহাৰ হোৱা, অতি উত্কৃষ্ট সহায়ক পুথিৰ বাবে এটা বিশেষ খণ্ড থাকে। সাধাৰণতে  পুথিসমূহ বিশ্বকোষ, অভিধান, হাতপুথি, বিধি-বিধান থকা পুথি, মানচিত্ৰ আদিৰ লগত সম্পৰ্কিত।

    সাধাৰণতে পুথিসমূহ পুথিভঁৰালৰ বাহিৰলৈ নিব নোৱাৰি, কিন্তু পঢ়ুৱৈজনে যিমান ইচ্ছা সিমান সময়লৈ পুথিভঁৰালত বহি পঢ়ি থাকিব পাৰে।

    তত্কালীন  সেৱা

    যিকোনো বিষয়ৰ ওপৰত বিশেষ সংবাদৰ নিৰ্দেশনা সঠিক সময়ত যোগান ধৰা। তত্কালীন প্ৰাসঙ্গিক সেৱা বিভাগত কম্পিউটাৰত বনোৱা তালিকা উপলব্ধ।

    ফটো কপি সেৱা (নথি বিভাগৰ সেৱা)

    প্ৰাসঙ্গিক শাখাৰ পৰা পঢ়ুৱৈলৈ কিতাপ ইছ্যু কৰাৰ কোনো ব্যৱস্থা নাই। দৰকাৰী কথাখিনি (সংবাদসমূহ) ফটো কপি মেচিনেৰে কৰি নিব পাৰি।

    শিশুৰ বাবে কোণ স্থাপন

    ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেচনৰ অৰ্থ সাহায্যৰে পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসমে বিভিন্ন জিলা, মহকুমা আৰু শাখা পুথিভঁৰালত শিশুৰ বাবে ২৩টা কোণ সাজিছে। শিশুসকলৰ মাজত পঠনৰ অভ্যাস গঢ়ি তুলিবলৈ এই শিশুৰ বাবে কোণসমূহৰ সৃষ্টি কৰা হৈছে। ৪ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ মাজত খেলা-ধূলা, দৃশ্য-শ্ৰাৱ্য, ডি.ভি.ডি., টি.ভি. আদিৰ মাধ্যমত মনোৰঞ্জনৰ পৰিবেশ গঢ়ি তেওঁলোকক উজ্জ্বল ভৱিষ্যতৰ ফালে নিয়াৰ চেষ্টা কৰা হৈছে।