মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

উন্নয়নৰ আঁচনি

  • পুথি ক্ৰয়

    পঢ়ুৱৈসকলক বিনামূলীয়া কিতাপ পঢ়াৰ সুযোগ দিবলৈ প্ৰতি বছৰে পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসমে তেওঁলোকৰ পুঁজিৰ পৰ্যাপ্ততাৰ ওপৰত নিৰ্ভৰ কৰি পুথি ক্ৰয় কৰে।

    পুথিভঁৰালৰ সম্পদ সংৰক্ষণ

    পুথিভঁৰালৰ সম্পদসমূহ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ বাবে পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসম দায়বদ্ধ। এই উদ্দেশ্যে ডি.এল.এছ-এ সময়ে সময়ে পুঁজিৰ যোগান ধৰে।

    শিশুৰ বাবে চুকৰ সৃষ্টি

    এটা পুথিভঁৰালত উঠি অহা প্ৰজন্মৰ বাবে এটা শিশুৰ বাবে চুক বা কোণ থকাটো দৰকাৰী। জিলা আৰু মহকুমা ভিত্তিত থকা পুথিভঁৰাল, যেনে- ধুবুৰী, হাইলাকান্দি, শিলচৰ, কৰিমগঞ্জ, মঙলদৈ, তিনিচুকীয়া, ডিফু, কোকৰাঝাৰ, মহকুমা পুথিভঁৰাল, যেনে- সৰুপথাৰ, শদিয়া, জোনাই, চৰাইদেউ, মাজুলী, প্ৰাগজ্যোতিষপুৰ, ওদালগুৰি আৰু হোজাইত ১৭টা শিশুৰ বাবে চুক আছে। আহি থকা সময়ত সকলোবিলাক পুথিভঁৰালতে শিশুৰ বাবে কোণ একোটাকৈ সৃষ্টি কৰিবলৈ চেষ্টা কৰিম।

    দিব্যাংগৰ বাবে কোণৰ সৃষ্টি

    এটা পুথিভঁৰালৰ বাবে দিব্যাংগৰ কোণ থকাৰো দৰকাৰ, যিহেতু শাৰিৰীকভাৱে অ৭ম লোকসকল তেনে এটা কোণলৈ তেওঁলোকৰ সংগতি বিচাৰি আহে। কৰিমগঞ্জ, যোৰহাট, তিনিচুকীয়া, ধুবুৰী, শিলচৰ, গুৱাহাটী, দিশপুৰ শাখা পুথিভঁৰাল আৰু তেজপুৰত দিব্যাংগৰ বাবে ৯টা কোণ আছে।

    জিলা আৰু মহকুমা পুথিভঁৰালৰ মেৰামতি/পুনৰস্থাপন

    বহুবিলাক পুথিভঁৰাল গৃহ পুৰণি হৈ গৈছে আৰু সেইবিলাক সময়ে সময়ে মেৰামতি/ পুনৰস্থাপন কৰাৰ প্ৰয়োজন হৈ পৰে। পুথিভঁৰাল গৃহটো পৰিৱৰ্তন কৰাৰ বাবে সময় লাগে। গতিকে এই কামৰ বাবে প্ৰতি বছৰে পুঁজিৰ দৰকাৰ হয়।

    • মহকুমা পুথিভঁৰাল নিৰ্মাণ:
    • নৈশাব্দিক পৰিচৰ্য্যা:
    • পোহৰ আৰু শব্দৰ ব্যৱস্থা:
    • সজাগতা সৃষ্টিৰ লগতে আলোচনা চক্ৰ আৰু দুষ্প্ৰাপ্য পুথিসমূহৰ অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শনী পতাৰ বাবে আয়োজন।