মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

পুথিভঁৰাল সেৱা

  • পুথিভঁৰাল সেৱা

    প্ৰতিখন জিলা আৰু মহকুমা পুথিভঁৰালত একোটাকৈ ইছ্যু আৰু ধাৰে দিয়া বিভাগ লগতে পঢ়া বিভাগ আছে। জিলা পুথিভঁৰাল, গুৱাহাটীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বুলি আন এটা শাখাও আছে, যত পঢ়ুৱৈসকলে মেডিকেল আৰু ইঞ্জিনীয়াৰিং বিভাগৰ কিতাপ পঢ়িবলৈ পাব কিন্তু, পঢ়া, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাৰ কিতাপ ধাৰে নিব নোৱাৰিব। ইছ্যু আৰু ধাৰে দিয়া বিভাগৰ পৰা পঢ়ুৱৈয়ে ১৫ দিনৰ বাবে দুখন কিতাপ ধাৰে নিব পাৰিব। পুথিভঁৰালৰ পৰা ইছ্যু কৰা এখন কিতাপ ঘৰলৈ নিবলৈ হলে পঢ়ুৱৈজনে ১৫টকা দি সদস্য হব লাগিব।

    ইণ্টাৰনেট সেৱা

    জিলা পুথিভঁৰাল, গুৱাহাটী আৰু জিলা পুথিভঁৰাল, যোৰহাটত আৰ.এফ.আই.ডি. স্থাপন কৰা হৈছে। সকলোবিলাক জিলা পুথিভঁড়ালে পুথিভঁৰাল অটোমেচনৰ বাবে Koha লাইব্ৰেৰী অপেন ছোৰ্চ ছফ্টৱেৰ স্থাপন কৰিছে। পঢ়া শাখাত পুঢ়ুৱৈৰ বাবে পুৰণি বাতৰি কাকত থওঁ বা সদস্যভুক্তিৰ কাৰ্ড নাথাকিলেও তেনে কাকতৰ পৰা জেৰক্স কৰি নিবৰ বাবে অনুমতি আছে।

    কিতাপ বিতৰণ

    ইয়াৰ উপৰিও পুথিভঁৰাল সঞ্চালকালয়ৰ অধীনত বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰাল নামৰ এটা পূৰ্ণ পৰ্যায়ৰ পুথিভঁৰাল বিশেষভাৱে শিশুসকলৰ বাবে আছে।