মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

ইতিহাস

  • উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত অসম ৰাজ্যত এখন আৰু গুৱাহাটী হৈছে ইয়াৰ বাটচ’ৰা। ১৯৫৪ চনত (প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা ১৯৫১০৫৬) শিক্ষাৰ উন্নয়ন আঁচনিৰ অধীনত ৭টা জিলা পুথিভঁৰাল আৰু শ্বিলঙত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল স্থাপিত হয়। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ লগে লগে ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালটোও ১৯৭৩ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীলৈ স্থানান্তৰ হয়।

    ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালটো উন্নীত কৰি পুথিভঁৰাল সেৱা সঞ্চালকালয় বুলি নামাকৰণ কৰি গুৱাহাটীতে প্ৰধান কাৰ্যালয় স্থাপন কৰি ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালৰ কৰ্মচাৰীবৃন্দক লৈয়েই চৰকাৰী অধিসূচনা নং etm 168/79/Pt.IV/24  কাৰিখ ২৭-০১-১৯৬৮ মৰ্মে শিক্ষা বিভাগৰ এক্তিয়াৰৰ ভিতৰত প্ৰতিষ্ঠিত হল। ইয়াৰ প্ৰশাসনিক এক্তিয়াৰ শিক্ষা বিভাগৰ পৰা সাংস্কৃতিক বিভাগলৈ অধিসূচনা নং AR 15/2003/51 তাৰিখ ২-৮-২০০৩ মৰ্মে হস্তান্তৰ কৰা হয়।

    ১৯৫৪ চনৰ অসমত ৰাজহুৱা পুথিভঁৰাল আঁচনিখন চৰকাৰে কাৰ্যকৰীকৰণ কৰিলেও আঁচনি মতে ৰাজ্যৰ চহৰ অঞ্চলৰ বাবেহে আছিল। ১৯৬১ চনত এই আঁচনিখন চৰকাৰে Non-Plan আঁচনিৰ অধীনলৈ আনে আৰু স্থায়ীভাৱেই সেই বছৰৰ পৰা ৰাখে। বৰ্তমানে এটা ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল, ২৩টা জিলা পুথিভঁৰাল, ১৪টা মহকুমা পুথিভঁৰাল, ৩টা শাখা পুথিভঁৰাল পুথিভঁৰাল সেৱাই সামৰি লৈছে। নতুন জিলা আৰু মহকুমা স্থাপনৰ লগে লগে নতুন জিলা আৰু মহকুমালৈ পুথিভঁৰাল সেৱা আগবঢ়াই তৃণমূল পৰ্যায়লৈ আগুৱাই নি পুথিভঁৰাল আঁচনিৰ সুস্থ জালি এখন গ্ৰাম্য স্তৰৰ পৰা ৰাজ্যিক স্তৰলৈ বিয়পাই দিয়া, গ্ৰাম্য পুথিভঁৰাল আঁচনিখন অসমত ১৯৮৫ চনৰ পৰা কাৰ্যকৰী হয়। এই আঁচনিখনে গ্ৰামাঞ্চলৰ সৰ্বতোপ্ৰকাৰ উন্নয়নৰ বাবে পুথি পঢ়াৰ অভ্যাস গঢ়াত সহায়ক হব।

    ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালটো ১৯৫৪ চনত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত স্থাপন কৰি ভৈয়ামৰ সাতখন জিলা সদৰ, গুৱাহাটী, নগাঁও, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী আৰু শিলচৰত ভাৰত চৰকাৰৰ প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনাৰ পোষকতাত শিক্ষা উন্নয়ন আঁচনিৰ অধীনত পুথিভঁৰাল সেৱা উন্নীতকৰণ আঁচনিৰ অধীনত স্থাপন কৰা হয়।

    অসম ৰাজ্যক অসম আৰু মেঘালয় ৰাজ্যত ভাগ হোৱাৰ পিছত ১৯৭৪ চনত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল, অসমক গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় আৰু ৰাজ্যৰ ৰাজধানী শ্বিলঙৰ পৰা দিশপুৰলৈ স্থানান্তৰ কৰা হয়। ১৯৬৭-৬৮ চনত দুখন পৰ্বতীয়া জিলা ক্ৰমে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ ডিফু আৰু হফলঙত জিলা পুথিভঁৰাল সেৱা স্থাপন কৰা হয় আৰু দহটা মহকুমা পুথিভঁৰাল শিৱসাগৰ, গোলাঘাট, উত্তৰ লখিমপুৰ, গোৱালপাৰা, কৰিমগঞ্জ, নলবাৰী, হাইলাকান্দি, মলদৈ আৰু কোকৰাঝাৰত আৰু মৰিগাঁও, তিনিচুকীয়া আৰু ধেমাজিত নতুন মহকুমা স্থাপনৰ লগে লগে সেই ঠাইবিলাকত পিছত মহকুমা পুথিভঁৰাল সেৱা স্থাপন কৰা হয়। উপৰোক্ত ১৩টা মহকুমা জিলালৈ উন্নীত কৰা হয় আৰু সেই মহকুমা পুথিভঁৰালসমূহো লগে লগে জিলা পুথিভঁৰাল পৰ্যায়লৈ উন্নীত কৰা হয়। বঙাইগাঁক নতুন জিলা হিচাপে ঘোষণা কৰাৰ লগে লগে বঙাইগাঁৱত এটা পুথিভঁৰাল বেছিকৈ স্থাপন কৰিব লগা হয় আৰু এতিয়া পুথিভঁৰাল সঞ্চালকালয়ৰ অধীনত ২৩টা জিলা পুথিভঁৰাল সেৱা আগবঢ়াই আছে।

    অসমৰ বেলেগ বেলেগ ঠাইত মহকুমা স্থাপনৰ লগে লগে ১৪টা মহকুমা পুথিভঁৰাল সেৱাই বৰ্তমান জোনাই, মাজুলী, বিশ্বনাথ চাৰিআলি, শদিয়া, চৰাইদেউ, সৰুপথাৰ, হোজাই, হামৰেণ (পাৰ্বত্য অঞ্চল), প্ৰাগজ্যোতিষপুৰ, ৰঙিয়া, গোঁসাইগাঁও (বড়োলেণ্ড), উত্তৰ শালমৰা, দক্ষিণ শালমৰা আৰু ওদালগুৰি (বড়োলেণ্ড)।

    চৰকাৰী অধিসূচনা নং CAD 389/2008/Pt.-1/60 তাৰিখ ০৪-০৮-২০১৪ মৰ্মে অসম চৰকাৰে ৩টা জিলা পুথিভঁৰাল আৰু ২টা মহকুমা পুথিভঁৰাল ৰাজ্যৰ বি.টি.এ.ডি অঞ্চলৰ বাবে নতুনকৈ স্থাপন কৰিছে।

    এই জিলা আৰু মহকুমা পুথিভঁৰালসমূহৰ উপৰিও গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত শিশুৰ বাবে এটা পূৰ্ণ পৰ্যায়ৰ পুথিভঁৰাল, ৰাজধানী প্ৰকল্পৰ বাসিন্দাৰ পঠনৰ বাবে দিশপুৰত এটা শাখা পুথিভঁৰাল আৰু এটা গৱেষণা আৰু প্ৰাসঙ্গিক বিভাগে এই সঞ্চালকালয়ৰ অধীনত জনসাধাৰণ আৰু গৱেষকসকলক ১৯৭৫ চনৰ পৰাই সুবিধা আগবঢ়াই আছে।

                    ১৯৮৫-৮৬ চনৰ পৰাই ২০৪টা গ্ৰাম্য পুথিভঁড়ালে বিভিন্ন জিলাত পুথিভঁৰাল প্ৰসাৰ আঁচনিৰ অধীনত স্থাপন কৰা হৈছে আৰু ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ততে এটাকৈ গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ ব্যৱস্থা ৰখা হৈছে আৰু ২০৪টা গ্ৰাম্য পুথিভঁৰালৰ ভিতৰত ১৯৯টা পুথিভঁড়ালে বৰ্তমানলৈ নিয়াৰিকৈ কাম কৰি আছে।