মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

কেলেণ্ডাৰ ইভেণ্ট

অসম পুথিভঁৰাল সেৱা সঞ্চালকালয়ে প্ৰত্যেক বছৰে ১২ আগষ্টৰ দিনটোত পুথিভঁৰালৰ স্ৰষ্টা আৰু পদ্মশ্ৰী বঁটাপ্ৰাপ্ত প্ৰফেছৰ চিয়ালী ৰামামৃতা ৰংগনাথনৰ জন্ম বাৰ্ষিকী উপলক্ষে গ্ৰন্থাগাৰী দিন হিচাপে উৎযাপন কৰে। সেই উপলক্ষে অসম পুথিভঁৰাল সেৱা সঞ্চালকালয়ে চেমিনাৰ, গল্প কোৱা, ৰচনা লিখা, আবৃত্তি, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ছবি অঁকা প্ৰতিযোগিতা আদিৰ দৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। বছৰৰ শ্ৰেষ্ঠ পাঠকজনক পুথিভঁৰাল সেৱা সঞ্চালকালৰ দ্বাৰা সেই অনুষ্ঠান উপলক্ষে পুৰষ্কাৰ প্ৰদান কৰা হয়।