মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

প্ৰাসঙ্গিক বিভাগ

ড০ হিৰণ্য চন্দ্ৰ ভূঞা প্ৰাসঙ্গিক পুথিভঁৰাল

(১) পুথিভঁৰালৰ নাম আৰু ঠিকনা – ড০ হিৰণ্য চন্দ্ৰ ভূঞা স্মৃতি প্ৰাসঙ্গিক পুথিভঁৰাল,
                                              পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসম, গুৱাহাটী-৭৮১০০১।

(২)পুথিভঁৰাল স্থাপিত বৰ্ষ – ১৯৭৪

(৩)পুথিভঁৰালৰ চমু বিৱৰণী-

ভূমিকা

১৯০৩ চনত অসম চৰকাৰৰ ৰাজহুৱা পুথিভঁৰালটো শ্বিলঙত স্থাপিত হয়। শ্বিলঙৰ জেইল ৰোড, পুলিচ বজাৰত থকা ৰাজ্যিক পৰিবহন কাৰ্যালয় ভৱনৰ প্ৰথম মহলাত দুটা কোঠাত পুথিভঁৰালটো আৰম্ভ হৈছিল। সেই একেটা ভৱনৰে তলৰ মহলাত চপলা বুক ষ্টল আৰু এটা বেংক আছিল। অসমৰ পুথিভঁৰাল আন্দোলনৰ ঘাই ধৰণী ইয়াৰ পৰাই আৰম্ভ। মাত্ৰ কেইজনমান অৱসৰী আৰু গণ্যমান্য ব্যক্তিয়েহে এই পুথিভঁৰাল সেৱাৰ সোৱাদ লৈছিল যদিও সোনকালেই জনসাধাৰণৰ মাজত ই জনপ্ৰিয় হৈ উঠিল। এনে এক কৰ্মজীৱন আৰম্ভ কৰে আৰু পুথিভঁৰাল আন্দোলনৰ আটাইতকৈ দৰকাৰী কথা মানুহৰ মাজত জ্ঞানৰ বিস্তৃতি ঘটাবলৈ প্ৰয়োজন হোৱা পঠন অভ্যাসৰ ওপৰত বৰ জোৰ দিয়ে। ১৯৫৬ চনত শ্বিলঙত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালটো স্থাপন হয় আৰু ৰাজহুৱা পুথিভঁৰালটো ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালৰ লগত একেলগ কৰা হয়। অসমৰ পৰা মেঘালয় ৰাজ্যখন বেলেগ হোৱা বাবে আৰু ১৯৭১ চনত অবিভক্ত বিধানসভাত লোৱা প্ৰস্তাৱ মৰ্মে ৰাজ্যৰ ৰাজধানীখন শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ হয় আৰু অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালৰ পুথি আৰু আন আন সম্পদসমূহ ভাগ-বটোৱৰাৰ বাবে এখন চুক্তি স্বাক্ষৰ হয়। চুক্তি মতে অতি সুন্দৰ শিশু বিভাগ, পঢ়া কোঠা আৰু পুথিভঁৰালৰ আধা সংখ্যক কিতাপ মেঘালয় চৰকাৰক দিয়া হয়। তেনে এক সন্ধিক্ষণত অসম চৰকাৰৰ হৈ তেতিয়াৰ উপ-পুথিভঁড়ালী শ্ৰী অভয় চৰণ বৰকটকীয়ে তেওঁৰ অধীনস্থ কৰ্মচাৰী শ্ৰী এম.চি. গোস্বামীৰ সহায়ত বহু বাধা-বিঘিনী নেওচি নিজৰ জিম্মাত বহুলিকা দুষ্প্ৰাপ্য আৰু দুৰ্মূল্য কিতাপ গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিলে আৰু তেতিয়াৰ ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল, অসম, গুৱাহাটীৰ প্ৰাসঙ্গিক বিভাগত ৰাখিলে।

পুথিভঁৰালত পোৱা কিতাপবিলাক :

(১) গীত গোবিন্দ – লেখক ৰাম স্বৰস্বতী

(২) তন্ত্ৰমালা – লেখক পীতাম্বৰ বিদ্যাবাগীশ (৬৪৮ বছৰ পুৰণি)

(৩) কাণখোৱা – লেখক শ্ৰীধৰ কন্দলি

(৪) কাইখেলী অংক – লেখক দণ্ডিৰাম দত্ত, ১৮৫২

(৫) হস্তী বিদ্যাৰ্ণৱ – লেখক সুকুমাৰ বৰকাইথ

(৬) লীলামালা – লেখক শ্ৰীমন্ত শংকৰদেৱ (সাঁচিপাত)

(৭) শ্ৰীমদ্ ভাগৱত গীতা – পীতাম্বৰ ৱিদ্যাবাগীশ (তুলাপাত)

(৮) প্ৰয়োগ ৰত্নমালা – পীতাম্বৰ ৱিদ্যাবাগীশ (সাঁচিপাত ১৬শ শতিকা)

(৯) Travels into Several Remote Nation of the World (সোণালী ৰঙৰ), এই কিতাপখন ১৭২৬ খৃঃত প্ৰকাশ হৈছিল আৰু ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল, শ্বিলঙলৈ টিপেৰা পৰ্বতৰ ৰজাই দান দিছিল।

১৯৭২ চনৰ পৰা ২০১১ চনলৈ এই দুষ্প্ৰাপ্য আৰু দুৰ্মূল্য পুথিসমহ ছয় বাৰতকৈও বেছি বিভিন্ন প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাত প্ৰদৰ্শন কৰা হৈছে। এই পুথিসমূহ পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসম, গুৱাহাটীৰ অধীনস্থ প্ৰাসঙ্গিক পুথিভঁৰাল পোৱা যাব।

ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল, অসম, গুৱাহাটীৰ গৱেষণা আৰু প্ৰাসঙ্গিক শাখাৰ প্ৰথম প্ৰাসঙ্গিক অসম, গুৱাহাটীৰ গৱেষণা আৰু প্ৰাসঙ্গিক শাখাৰ পৰৱৰ্ত্তী প্ৰাসঙ্গিক পুথিভঁড়ালী আছিল ক্ৰমে শ্ৰীমতী ৰীতা দাস, ১৯৭৬ৰ পৰা ২০০০ চনলৈ আৰু শ্ৰীমতী উত্পলা বৰা কলিতা, ২০০৪ৰ পৰা বৰ্তমানলৈ।

২০০৯ চনত গৱেষণা আৰু প্ৰাসঙ্গিক শাখাক ড০ হিৰণ্য চন্দ্ৰ ভূঞা স্মৃতি পুথিভঁৰাল হিচাপে নতুমকৈ নামাকৰণ কৰা হয়।

আলোকচিত্ৰ

 

গৱেষণা আৰু প্ৰাসঙ্গিক শাখাত থকা মুঠ পুথিৰ সংখ্যা – ৪০,৮৮৬

ভাষা ভিত্তিক –

ক্ৰমিক নংভাষাপুথিৰ সংখ্যা
1অসমীয়া১৪,২০৭
2ইংৰাজী২১৭০২
3ইংৰাজী৬৫৭
4হিন্দী৪২৭৫
5বড়ো৪৫

 

ক্ৰমাংকবিষয় ভিত্তিককিতাপৰ সংখ্যা
অসমীয়া কবিতা১৭৯২
অসমীয়া ধৰ্ম বিষয়ক১৩৫১
অসমীয়া ৰচনা২৫৩
অসমীয়া আত্মজীৱনী১৬৮৮
অসমীয়া বুৰঞ্জী৬৫৩
বিশ্বকোষ(অসমীয়া আৰু ইংৰাজী)৭৪৫
ভাৰত বুৰঞ্জী(অসমীয়া আৰু ইংৰাজী)৮৩৮
বিশ্ব বুৰঞ্জী৬৪৪
অভিধান(অসমীয়া আৰু ইংৰাজী)৩৯০
১০ইংৰাজী আত্মজীৱনী১৫৮১
১১উত্তৰ পূব(অসমীয়া আৰু ইংৰাজী)৪৪৯
১২কম্পিউটাৰ বিজ্ঞান, জ্ঞান আৰু পদ্ধতি((অসমীয়া আৰু ইংৰাজী)৫৩১
১৩ইংৰাজী ধৰ্ম বিষয়ক৮০৮
১৪সংস্কৃতি(অসমীয়া আৰু ইংৰাজী)২০৬
১৫আইন(অসমীয়া আৰু ইংৰাজী)৩০৭
১৬শিক্ষা(অসমীয়া আৰু ইংৰাজী)৭৬২
১৭শুদ্ধ বিজ্ঞান(অসমীয়া আৰু ইংৰাজী)৯২৫
১৮ভাষা(অসমীয়া আৰু ইংৰাজী)২৫৭
১৯প্ৰয়োগিক বিজ্ঞান(অসমীয়া আৰু ইংৰাজী)৯০৮
২০কলা(অসমীয়া আৰু ইংৰাজী)৮৩১
২১ব্যৱস্থাপনা(অসমীয়া আৰু ইংৰাজী)২২৮
২২চিকিত্সা বিজ্ঞান(অসমীয়া আৰু ইংৰাজী)২১৮
২৩পৰ্যটন(অসমীয়া আৰু ইংৰাজী)৩৫৬
২৪ৰাজনীতি বিজ্ঞান(অসমীয়া আৰু ইংৰাজী)৯৩৬
২৫বঙালী সাহিত্য৬৫৭
২৬সমাজ বিজ্ঞান(অসমীয়া আৰু ইংৰাজী)১১৩৬
২৭অসমীয়া সাহিত্য২০৬৮
২৮নাটক(অসমীয়া আৰু ইংৰাজী)৯১৪
২৯শিশু(অসমীয়া আৰু ইংৰাজী)২২০৯
৩০পুথিভঁৰাল বিজ্ঞান৪৫৭
৩১মহিলা(অসমীয়া আৰু ইংৰাজী)৪৭২
৩২ইংৰাজী সাহিত্য২০৯২
৩৩অসমীয়া উপন্যাস২৮৭৫
৩৪বিৰল গ্ৰন্থ(অসমীয়া আৰু ইংৰাজী)৪৫৭৫
৩৫হিন্দী৪২৭৫
৩৬পুৰণি আলোচনী৭৫৬
৩৭লোক পিয়ল১৬৬
৩৮বড়ো৪৫
৩৯অসমীয়া কবিতা১৭৯২

ই-মেইলdirectoratels@gmail.com

কৰ্মচাৰী বৰ্গৰ স্থিতি

ক্ৰমাংকনামপদবীমোবাইল নম্বৰ
শ্ৰীমতী উত্পলা বৰা কলিতাপ্ৰাসঙ্গিক গ্ৰন্থাগাৰীক৯৪৩৫১-০৯০৬৬
শ্ৰীমতী কৰিশ্মা কুলিগ্ৰন্থাগাৰ সহকাৰী 
মহম্মদ জাহাঙ্গীৰ ইছলামকাৰিকৰী সহকাৰী 
শ্ৰী প্ৰহ্লাদ চৌধুৰীপ্ৰতি সহৱৰ্তী অনুচৰ 
শ্ৰীমতী ববিতা পেগুপ্ৰতি সহৱৰ্তী অনুচৰ 
শ্ৰী দীন বন্ধু ডেকাপ্ৰতি সহৱৰ্তী অনুচৰ 
শ্ৰী হৰিচন্দ্ৰ বণিয়াচতুৰ্থ বৰ্গ 
শ্ৰী পলাশ প্ৰসাদ দাসচতুৰ্থ বৰ্গ