মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

শিশু পুথিভঁৰাল

১৯৮৫ চনত বিষ্ণু নিৰ্মলা পুথিভঁৰাল স্থাপন হয়। ৪ বছৰৰ পৰা ১৬ বছৰ বয়সৰ লৰা-ছোৱালীৰ বাবে এই পুথিভঁৰালটো বিশেষভাৱে প্ৰযোজ্য। গুৱাহটীৰ লতাশিল খেলপথাৰৰ সন্মুখত এই পুথিভঁৰালটো অৱস্থিত।

এই পুথিভঁৰলটো হৈছে স্বাধীন অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী মাননীয় স্বৰ্গীয় বিষ্ণুৰাম মেধি ডাঙৰয়াৰ সাৰ্থক সপোন. তেঁৱেই মাদ্ৰাজৰ ৰাজ্যপাল হোৱা প্ৰথমগৰাকী অসমীয়া মানুহ। এই পুথিভঁৰালটো অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনস্থ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত।

এই পুথিভঁৰালটোত তিনিটা বেলেগ বেলেগ বিভাগ গোট খাই আছে। ইয়াৰে এটা ভাগত কিতাপ পঢ়া হয়, আন এটা ভাগ শিশুসকলৰ বাবে, তাত খেল খেলা, কাৰ্টুন, বাতৰি আদি চাব পৰাকৈ টি.ভি চোৱা আদি আৰু আনটো ভাগ কিতাপ ধাৰে দিয়া বিভাগ। কিতাপ পঢ়া বিভাগ ব্যৱহাৰ কৰিবলৈ সসস্য হোৱাৰ বাবে কোনো ধৰণৰ নিয়ম নাই, যিকোনো শিশু তাত সোমাব পাৰে, -এখন ৰেজিষ্টাৰ বহীত চহী কৰি কিতাপ পঢ়িলেই হল। কিন্তু কিতাপ ধাৰে নিবলৈ হলে নিৰ্দিষ্ট ফৰ্ম এখন ভৰ্ত্তি কৰি লৈ পুথিভঁৰালৰ স্থায়ী সদস্য হব লাগিব। এজন সদস্যই ১৫ দিনৰ বাবে দুখন কিতাপ ধাৰে নিব পাৰে, আৰু বিশেষ প্ৰয়োজন হলে পুথিভঁৰালত নিজে আহি দেখা কৰি সেই কিতাপ দুখন আকৌ ১৫ দিনলৈ বৃদ্ধি কৰিব পাৰে। ইংৰাজী, অসমীয়া, হিন্দী, বেংগলী ভাষাৰ কিতাপেৰে পুথিভঁৰালটো সুসজ্জ্বিত হৈ থকাৰ উপৰিও বা-বাতৰি আৰু কৌতুকৰ বাবে আন আন পঠন সামগ্ৰীও আছে। বৰ্তমান বিষ্ণু নিৰ্মলা পুথিভঁৰালত ১৪ হাজাৰতকৈও অধিক কিতাপ আৰু এঘাৰখন ইংৰাজী আৰু অসমীয়া ভাষাৰ আলোচনী আছে।