মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

পুথিভঁৰালৰ সম্পদসমূহ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ

মূল্যবান পুথিসমূহৰ ন্যায়নিষ্ঠ আৰু বিজ্ঞভাৱে সহজে পাব পৰা অৱস্থাত পাব পৰাকৈ বৈজ্ঞানিক পদ্ধতিত সংৰক্ষণ কৰিব লাগে। যদিও দুটাহে ইয়াৰ সাৰতত্ব যত ৰক্ষণাবেক্ষণ হল, এখন কিতাপৰ অৱস্থা পৰীক্ষা কৰি কিতাপখনৰ ভগা-ছিগা অৱস্থা আৰু ইফাল-সিফাল হোৱা অৱস্থাটো পৰ্যায়ক্ৰমে পৰ্যবেক্ষণ কৰা আৰু সংৰক্ষণ হল, ভগা-ছিগা অৱস্থাটো পৰীক্ষা কৰি তাৰ কাৰণটো নিৰ্ণয় কৰি আকৌ তাক পুনসংস্থাপন কৰিবলৈ সেই কিতাপখনৰ বাবে বিশেষ ব্যৱস্থা লোৱা।

গতিকে  সংৰক্ষণটো  ৰক্ষণাবেক্ষণৰ সমপৰ্যায়ৰ নহয় মাত্ৰ ৰক্ষণাবেক্ষণৰ এক গঢ় গতিহে।

ৰক্ষণাবেক্ষণ কথাটো তেতিয়াহে কৃতকাৰ্য্য হব, যেতিয়া ইয়াৰ মূল চাবি-কাঠি সংৰক্ষণটো ঠিককৈ কৰা যাব।

প্ৰতি দিনে হোৱা সংৰক্ষণৰ দৃশ্য দুটা ধৰণে কৰিব পাৰি-

  • মেনুৱেল প্ৰিজাৰভেচন– কিতাপ আকাৰে থকা মূল নথিসমূহৰ প্ৰতিলিপি, যিবিলাক পুথিভঁৰালৰ মূল সম্পদ বুলি গণ্য কৰা হয়, সেইবিলাক সাধাৰণতে উঁই-পৰুৱা, ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় আৰু তেনেকৈ বহুবিলাক মূল্যবান আৰু পুৰণা কিতাপ নষ্ট হৈ যায়। তদুপৰি এইবিলাক মুকলিকৈ ৰখা বাবে বহুবিলাক প্ৰাকৃতিক কাৰণ যেনে- গৰমত, পানী পৰি, ধূলি-মাকতি পৰি নষ্ট হোৱাৰ কাৰণ হব পাৰে। বৰ্তমান সেইবোৰ সংৰক্ষণৰ বাবে ভেঁকুৰনাশক, কীটনাশক দ্ৰৱ্য পৃষ্ঠাবিলাকত নেফথেলিন দিয়া আদিৰ উপৰিও সেইবিলাকক ওখ খলপাত থব পাৰি। কিন্তু এই সংৰক্ষণ পদ্ধতিবিলাকৰ পৰা অনিষ্টকৰ পৰিস্থিতিৰ সৃষ্টি হব পাৰে। যেনেকুৱাকৈ কিতাপৰ পাত লুটিয়াওতে আঙুলিত মুখৰ সেপ লগাই লোৱা, যৰ পৰা মানুহৰ স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক এই বিষাক্ত ৰাসায়নিক দ্ৰৱ্যবিলাক খাদ্যৰ লগত মানুহৰ দেহাত সোমাব পাৰে।

    এইবিলাক কৰাৰ সলনি যদি সংৰক্ষণ বিভাগটোত যথেষ্ট পোহৰৰ আৰু বাতানুকূল ব্যৱস্থা কৰা যায়, তেন্তে ই ধূলি-বালিৰ পৰা ৰক্ষা পৰিব, যিটো চিলভাৰফিচ, পঁইতাচোৰা আৰু জিলীৰ দৰে পোকৰ মূল কাৰণ। কিতাপৰ থোৱা খলপাবিলাক চাফ-চিকুণকৈ আৰু আদ্ৰতাৰ পৰা ৰক্ষা কৰিব লাগে, লগে লগে পৃষ্ঠাবিলাকৰ মাজে মাজে নিমপাত ৰাখিব লাগে, এইটোৱে বৰ কাম দিয়ে। পঢ়ুৱৈসকলকো তেওঁলোকে পঢ়া কিতাপখন ঠিকে-ঠাকে ৰাখিবলৈ কব লগে। পৃষ্ঠাবিলাক ভাঁজ কৰা আৰু পাত ফলাটো বন্ধ কৰিব লাগে। পুৰণা কিতাপবিলাক বন্ধোৱা আৰু কিতাপবিলাকৰ অৱস্থা নিয়মিতভাৱে পৰীক্ষা কৰিবলৈ এটা দিন আচুতীয়াকৈ থব লাগে, তেতিয়াহে পৰ্যায়ক্ৰমে সংৰক্ষণ কৰিব পৰা যায়।

  • ডিজিটেল প্ৰিজাৰভেচন– বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগে লগে বিভিন্ন ধৰণৰ ডিজিটেল প্ৰিজাভেচনৰ নিয়ম ওলাইছে। প্ৰতিটো জিলা পুথিভঁৰালৰে একোটা ই-লাইব্ৰেৰী কোষ থাকিব লাগে, যত মানুহে বিচৰা কিতাপখনৰ ছাইটত লগ-ইন কৰিলে তেওঁ বিচৰা কিতাপখন পাব। পুৰণা ফটা-চতা অৱস্থাত থকা কিতাপসমূহ কৃতকাৰ্যতাৰে ফলপ্ৰসূভাৱে স্কেনিং কৰি লব পাৰি।

    প্ৰিজাৰভেচন আৰু কনজাৰভেচন তেতিয়াহে ফলপ্ৰসূ হব –যেতয়া পঢ়ুৱৈ আৰু পুথিভঁৰাল কৰ্তৃপক্ষ পৰস্পৰৰ সহযোগী হব। পঢ়ুৱৈয়ে এই কথাটো বুজি পাব লাগিব যে এইটো তেওঁলোকৰ লাভৰ বাবেই কৰা হৈছে আৰু ইয়াক যে ৰাজহুৱা স্বাৰ্থৰ বাবেহে কৰা হৈছে সেইটো পাহৰিব নালাগিব। প্ৰতিজন ব্যক্তিয়েই ৰাইজৰ এটা অংশ। এি কথাটো মনত ৰাখিব লাগিব। আনহাতে পুথিভঁৰাল কৰ্তৃপক্ষই তেওঁলোকৰ কৰ্মক সন্মান জনাবি লাগিব আৰু কৰ্মত খৰপোচ হব লাগিব।