মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

অসমৰ ডিজিটেল লাইব্ৰেৰী

আধুনিক পুথিভঁৰালৰ প্ৰথম পদক্ষেপ হৈছে কম্পিউটাৰাইজেচন। বৰ্তমানৰ পৰিৱৰ্তনশীল পৰিস্থিতিত পুথিভঁৰাল আধুনিকীকৰণৰ পিছৰ খেপটো হৈছে লাইব্ৰেৰী অটোমেচন। অটোমেচনৰ পাছত উন্নত মানলৈ নিয়াৰ পদক্ষেপ হৈছে ডিজিটেল লাইব্ৰেৰী। যিহেতুবৰ্তমানৰ যুটোৱে হৈছে ডিজিটেল যুগ, গতিকে লাইব্ৰেৰীকো ডিজিটেল কৰাটো যুগুত। DLSয়ে সময়ে সময়ে কম্পিউটাৰাইজেচন, অটোমেচন আৰু ডিজিটেল লাইব্ৰেৰী বনাবলৈ পদক্ষেপ লৈ আছে। পুথিভঁৰাল সেৱা সঞ্চালকালয়, গুৱাহাটীত এটা ডিজিটেল লাইব্ৰেৰী গোট আছে, যত গৱেষণামূলক কামসমূহ কৃতকাৰ্যতাৰে সম্পন্ন কৰা হৈছে। পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনস্থ জিলা পুথিভঁৰাল, গুৱাহাটীৰ চৌহদত DLSৰ প্ৰাসঙ্গিক শাখাত পঢ়ুৱৈ আৰু গৱেষকৰ বাবে ডিজিটেল লাইব্ৰেৰী মুকলি কৰা হৈছে। এতিয়ালৈকে ৪০০০খন কিতাপ (মুঠ পৃষ্ঠা ১১,২৮,১২৯) (দুৰ্লভ আৰু কপিৰাইট নথকা) ডিজিটাইজ কৰা হৈছে আৰু এইবোৰ ডিজিটাইজড ধৰণতে পোৱা যাব। এই কিতাপবিলাক বিভিন্ন ভাষাত যেনে- অসমীয়া, বেংগলী, ইংৰাজী, ফৰাচী, হিন্দী, ইটালীয়ান, মণিপুৰী, মংগোলীয়ান, সংস্কৃত আৰু আন আন ভাষাৰো আছে। জিলা পুথিভঁৰাল, গুৱাহাটীৰ LANত এইবিলাক উপলব্ধ। প্ৰতিজন পঢ়ুৱৈয়ে বিষয়, কিতাপৰ নাম, লেখক, প্ৰকাশক প্ৰকাশনৰ বছৰ, কী-ৱৰ্ডৰ সহায়ত কিতাপখন বিচাৰি পাব পাৰে। যদি কোনোবাই তেওঁ বিচৰা পৃষ্ঠাকেইটা প্ৰিণ্ট কৰিব খোজে তেন্তে প্ৰিণ্টিঙৰ খৰচটো আদায় দি উঠি কাগজখিনি লৈ যাব পাৰে। ভাৰত চৰকাৰৰ  ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি বিভাগ (Deity)ৰ পুঁজিৰে কলিকতাৰ  চিডেকৰ  উত্তৰ-পূবৰ ৰাজ্যৰ বাবে ডিজিটেল প্ৰয়োগশালা(Digital Laboratory for North Eastern States )আঁচনিৰ অধীনত এই ডিজিটাইজেচনৰ কামটো চলি আছে।

আনহাতে, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ে যোগান ধৰা পুঁজিৰে পুথিভঁৰালসমূহৰ ৰাষ্ট্ৰীয় মিছন (আৰ্হি পুথিভঁৰাল)ৰ অধীনত পুথিভঁৰাল সঞ্চালকালয়ৰ অধীনস্থ গুৱাহাটীৰ জিলা পুথিভঁড়ালে ৰাজহুৱা ইণ্টাৰনেট সেৱা স্থাপন কৰিছে। এইখন আঁচনিৰ অধীনত এই পুথিভঁৰালটোৱে কিতাপ ধাৰে দিয়া বিভাগত ৰেডিঅ ফ্ৰীকুৱেন্সি চিনাক্ত পদ্ধতি কৰ্যকৰীকৰণ কৰিছে।

Downloads
TitleSizeDetail
Digitized book list.xls936 KBswf-image