মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পুথিভঁৰাল সঞ্চালকালয়

পুথিভঁৰাল সেৱা

পুথিভঁৰাল সেৱা-

প্ৰতিখন জিলা আৰু মহকুমা পুথিভঁৰালৰ একোটাকৈ কিতাপ ইছ্যু আৰু ধাৰে দিয়া বিভাগ আছে। এই বিভাগৰ পৰা পঢ়ুৱৈয়ে ১৫ দিনৰ দুখন কিতাপ ধাৰে নিব পাৰে। গুৱাহাটী আৰু যোৰহাটৰ জিলা পুথিভঁৰালত ৰেডিঅ ফ্ৰীকুৱেন্সি চিনাক্ত (Radio Frequency Identification) স্থাপন কৰা আছে। সকলোবিলাক জিলা পুথিভঁৰালতে লাইব্ৰেৰী অটোমেচনৰ বাবে ‘Koha’ লাইব্ৰেৰী অপেন চোৰ্চ ছফ্টৱেৰ স্থাপন কৰা আছে।

ইণ্টাৰনেট সেৱা-

গুৱাহাটীত থকা পুথিভঁৰাল সেৱা সঞ্চালকালয়ে পঞ্জীয়ন কৰা সদস্যসকললৈ প্ৰতি ঘণ্টাত ১০ টকা হাৰে ইণ্টাৰনেট সেৱা আগবঢ়ায়। এই সেৱা বিধিত তেওঁলোকে এটা সামান্য মাচুলৰ বিনিময়ত দৰকাৰ হোৱা নথি ছপা কৰা, নকল কৰা বা ডাউনলোড কৰি নিব পাৰে। প্ৰতি দিনে ব্যৱহাৰকাৰীসকলক এঘণ্টাকৈ ইণ্টাৰনেট ব্ৰাউজ কৰিবলৈ দিয়া হয়। চাইবাৰ কেন্দ্ৰত ব্যৱহাৰ কৰিব পৰাকৈ ১০টা উত্সৰ্গিত মেচিন আছে।

কিতাপৰ বিতৰণ –

প্ৰতি বছৰে চৰকাৰে বাজেটত ধাৰ্য্য কৰা ধন আৰু কলিকতাৰ ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেশ্যনৰ মেচ্ছিং আঁচনি মতে (৯০:১০) পুথিভঁৰাল সঞ্চালকালয়ে কিতাপ কিনে। সকলোবিলাক জিলা আৰু মহকুমা পুথিভঁৰালে এই কিতাপ বিলাক পায়। এখন পুথি বাচনি কমিটীয়ে এই পুথিবিলাক নিৰ্বাচন কৰে আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব ডাঙৰীয়া এই কমিটীৰ অধ্যক্ষ।

Downloads
TitleSizeDetail
Distribution books 2016-17.xlsx51.32 KBswf-image